আৱহ সঙ্গীত
(পুলক জ্যোতি শৰ্মা)
বাজি থাকে অবিৰত আৱহত
ৰাতিৰ বাঁহীৰ দৰে
ৰিণিকি ৰিণিকি
এটা একাকী সুৰ বিষাদৰ প্ৰলেপেৰে
সেই সুৰ ভেদি ঢৌৰ দৰে উঠি আকৌ মাৰ যায়
সুখ সন্ধানৰ একো একোটা আনন্দময় পল
মঞ্চত যেতিয়া বাজে
দূৰ্দাম জীৱনৰ সুৰ যৌৱনৰ সুৰ
উদ্দাম খোজৰ সুৰ
আৰোহনৰ সুৰ
অদৃষ্টক নেওচি জয়ৰ উল্লাসৰ সুৰ
তেতিয়াও কিয় জানো ৰি-ৰিয়াই থাকে আৱহত
বীণাৰ এটি কৰুণ বৰাগী সুৰ
ধেমালিৰ বাকৰি এৰি যিদিনা খোজ থলোঁ
জীৱনৰ বৰঘৰৰ দুৱাৰদলিত
সিদিনাৰ পৰাই
ঠিক সিদিনাৰ পৰাই
আৱহত বাজি আছে সেই সুৰ
যি সুৰত ৰৈ ৰৈ উঠে
একাকীত্বৰ অবুজ বেদনা
অহেতুক ভয় পায়ো হেৰুওৱাৰ
আৰু যেন এক ৰিম্ৰিম্ বিষাদ
কৰবাত কিবা এটা এৰি অহাৰ
কিবা এক অপূৰ্ণতাৰ
কৰবাত যেন নিজকে হেৰুৱাই পেলোৱাৰ
মাজনিশা কেতেকীৰ অকলশৰীয়া উদাসী মাতত
বুকুখন চাগে সেয়ে হেন্দুলি উঠে মিত্ৰাক্ষৰ ছন্দত
********